মধ্য অসমৰ সৰ্ববৃহৎ ফটকা বেপাৰী শিবু দাসৰ দোকান আৰু গুদাম ঘৰত মঙ্গলবাৰে নিশা অভিযান চলিল GST বিভাগৰ । বিভাগটোৰ বিষয়া কৰ্মচাৰী সহ মুঠ ১৮ গৰাকী লোকে একেটা সময়তে শিবু দাসৰ পুৰনি বজাৰৰ মা দুৰ্গা ষ্টৰ আৰু টেলিবস্তি অঞ্চলত থকা চাৰিটা ফটকাৰ গুদাম ঘৰত চলাই এই অভিযান। অভিযানৰ শেষত অভিযানকাৰী দলে চাৰিটা ফটকাৰ গুদামঘৰ আৰু মা দুৰ্গা ষ্টৰ দোকানৰ পৰা কেইবাটাও একাউণ্টৰ ফাইল জব্দ কৰা বুলি কৰিছে মন্তব্য। লগতে দোকান আৰু গুদামঘৰত ছীল কৰা ফটকাখিনিৰ মূল্য তিনি কোটি টকাৰ বুলিও মন্তব্য কৰে অভিযানকাৰী দলে। উল্লেখ্য যে উক্ত ফটকা বেপাৰীয়ে চৰকাৰৰ ৰাজহ ফাকিৰে বিগত বহু বছৰ ধৰি ব্যৱসায় চলাই যোৱাৰ উঠিছিল অভিযোগ । এই সন্দৰ্ভত কিছুদিন পূৰ্বে একমাত্ৰ দৈনিক জনমভূমি কাকতত প্ৰকাশ পাইছিল ফটকা বেপাৰী গৰাকীৰ দৌৰাত্মৰ খবৰ। ইয়াৰ পাছত আকস্মিক বাবে GST বিভাগে চাৰিটা গুদাম আৰু দোকানত অভিযান চলাই ফটকা খিনি ছীল কৰি বিক্ৰী কৰিব নোৱাৰিব বুলি বিভাগে দোকানৰ গৰাকীক অৱগত কৰি থৈ যায় যদিও বিভাগৰ এনে ৰহস্যজনক ভূমিকাক লৈ হোজাইত সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰশ্ন উঠিছে GST বিভাগে গুদামঘৰ ছীল কৰাৰ পাছত ফটকা বিক্ৰী কৰিব নোৱাৰিব বুলি আভুৱা ভৰি থৈ যোৱাৰ উদেশ্য কি? গুদাম অথবা দোকানৰ পৰা ফটকা আঁতৰাই নিয়াৰ বাবে সুযোগ কৰি থৈ যোৱা নাইতো বুলিও সন্দেহ উপজিছে ৰাইজৰ মাজতো। নে অভিযান ফুটুকাৰ ফেনত পৰিণত হব। কেৱল চাৰিটা গুদাম আৰু দোকানত অভিযান চলাই উভতি যোৱা অভিযানকাৰী দলে তেওঁৰ বাকী গুদামঘৰত কিয় অভিযান নচলালে বুলিও ৰাইজে কৰিছে। অভিযানকাৰী দলটোক মেনেজ কৰাৰ পৰিণতিত এনে ভূমিকা লৈছে নেকি বুলি ৰাইজৰ মাজত চলিছে সৰব চৰ্চা। ইফালে হোজাই চহৰৰ জধে মধে ফটকা মজুত ৰখাৰ পাছতো হোজাই থানাৰ আৰক্ষীয়ে পূৰ্বতে কোনো ব্যৱস্থা নোলোৱাটো এতিয়া ৰাইজৰ বাবেও নুবুজা সাঁথৰ হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદ વિધાનસભા બેઠક પર ભાજપ દ્રારા સ્થાનિક ઉમેદવારને ટીકીટ આપવા કરાઈ બેઠક 2022
બોટાદ વિધાનસભા બેઠક પર ભાજપ દ્રારા સ્થાનિક ઉમેદવારને ટીકીટ આપવા કરાઈ બેઠક 2022
Delhi Politics: AAP ने उठाया Kejriwal की सुरक्षा का मुद्दा, Sanjay Singh ने BJP पर साधा निशाना
Delhi Politics: AAP ने उठाया Kejriwal की सुरक्षा का मुद्दा, Sanjay Singh ने BJP पर साधा निशाना
જાણો દાહોદ ની કઈ હોટલ આવા જવા માટે ગાડી FREE માં સેવા આપે છે
હોટલ ખુશી એન્ડ ગાર્ડન દિવાળી તહેવાર નિમિત્તે તારીખ 11/11/23 થી 15/11/ 23 સુધી સાંજના 7:00 વાગે થી...
Kapil Sibal Speech at AAP Maha Rally in Ramlila Maidan | Arvind Kejriwal | PM Modi| Delhi Ordinance
Kapil Sibal Speech at AAP Maha Rally in Ramlila Maidan | Arvind Kejriwal | PM Modi| Delhi Ordinance
iQOO Z9 5G की आज होने जा रही एंट्री, ये 7 खूबियां जीत लेंगी आपका दिल
भारतीय ग्राहकों के लिए आज iQOO Z9 5G फोन लॉन्च हो रहा है। लॉन्चिंग से पहले ही कंपनी साफ कर चुकी...