দুমুনিচকী ইণ্ডিয়ান অইল পেট্ৰল পাম্পত মঙ্গলবাৰে সন্ধিয়ালৈ উৰিল ৰাষ্ট্ৰীয় পতাকা l ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুমুনিচকী ইণ্ডিয়ান অইল পেট্ৰল পাম্প ডিপোত মঙ্গলবাৰে সন্ধিয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা ৷ দেশৰ প্ৰধানমন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আহ্বানকো কেৰেপ নকৰা দুমুনিচকী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীৰ এনে গৰ্হিত কাৰ্যৰ বাবে বৃহত্তৰ দুমুনিচকী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷