অৱশেষত বঙাইগাঁও আৰক্ষীৰ জালত পৰিল পলাতক অৱস্থাত থকা নাবালিকা ধৰ্ষণকাৰী তৰুণ দাস। ১৪ আগষ্টৰ সন্ধিয়া তৰুণ দাসে বিদ্যাপুৰৰ ঘিলাগুৰীত সংঘটিত কৰিছিল এই জঘন্য কাণ্ড।

লম্পট তৰুণ দাসে চকলেট দিয়াৰ প্ৰলোভন দেখুৱাই নাবালিকা গৰাকীক ধৰ্ষণ কৰিছিল।

আজি সন্ধিয়া জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই পাশৱিক ঘটনা সংঘটিত কৰি তৰুণ দাসে পলায়ন কৰিছিল শ্ৰীৰামপুৰৰ কৈলাশ নগৰলৈ।

আৰু কৈলাশ নগৰৰ পৰাই বঙাইগাঁও আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে পাষণ্ড দাসক।