আজিৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত দেশৰ অন্যতম এই সন্মানীয় প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কলকাতাত হৈছে।

এছিয়া মহাদেশৰ প্ৰথমখন তথা বিশ্বৰ তৃতীয় প্ৰাচীন ফুটবল প্ৰতিযোগিতাখনৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ এইবাৰ অনুষ্ঠিত হ’ব গুৱাহাটীত।

কাইলৈ অৰ্থাত ১৭ আগষ্টৰ পৰা চাৰি ছেপ্তেম্বৰলৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ১৩১ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ ‘ডি’ৰ মুঠ ১০ খন মেচ।

গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত কাইলৈ ঘৰুৱা দল নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব ওড়িশা এফ চিৰ বিৰুদ্ধে। এই মেচখন বিয়লি ৫.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

উল্লেখ্য যে ১৮৮৮ চনৰ পৰা ভাৰতীয় সেনাই আয়োজন কৰি অহা এই সন্মানীয় প্ৰতিযোগিতা পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব।

দেশৰ আগশাৰীৰ ২০ টা ক্লাবে এই প্ৰতিযোগিতাখনত অংশ লৈছে।