কাইলৈৰ পৰা অৰ্থাত্ ১৬ আগষ্টৰ পৰা ৰাজ্যত পুনৰ CAA আন্দোলন হোৱাৰ কথা| সমুজ্জল ভট্টাচাৰ্যৰ নেতূত্বত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ| যদিহে পূৰ্বৰ দৰেই ৰাজ্যজুৰি পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে তেন্তে বাৰুকৈয়ে বিমোৰত পৰিব সাধাৰণ জনতা| বিশেষকৈ সমস্যাত পৰিব নিবনুৱা যুৱক-যুৱতীসকল| কাৰণ ২১ আৰু ২৭ আগষ্টত আছে চৰকাৰী চাকৰিৰ পৰীক্ষা| তেনেস্থলত যদি কা আন্দোলন হয় তেন্তে বাৰুকৈয়ে একপ্ৰকাৰ সমস্যাত পৰিব নিবনুৱাসকল|