‘হৰ ঘৰ ত্ৰিৰংগ’ অভিযানৰ জৰিয়তে এইবাৰ সমগ্ৰ দেশতে ৩০ কোটিৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰি প্ৰায় ৫০০ কোটি টকাৰ ব্যৱসায় হৈছে। 

দেশপ্ৰেম আৰু আত্মসংস্থাপনৰ সৈতে জড়িত এই অভিযানে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ অনুভূতিৰ সমান্তৰালভাৱে সমবায় ব্যৱসায়ৰ বৃহৎ সম্ভাৱনাও মুকলি কৰি দিছে বুলি প্ৰকাশ কৰে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (চি এ আই টি)।

চি এ আই টিৰ তৰফৰ পৰা কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে পতাকা সংহিতাত পলিয়েষ্টাৰ আৰু মেচিনেৰে পতাকা নিৰ্মাণৰ অনুমতি দিয়া পৰিৱৰ্তনে সমগ্ৰ দেশতে পতাকা সহজে উপলব্ধ কৰাত যথেষ্ট অৰিহনা যোগাইছে। 

ভাৰতৰ পতাকা সংহিতাৰ এই সংশোধনীৰ ফলত দেশৰ ১০ লাখৰো অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিছে, যিসকলে নিজৰ ঘৰত বা সৰু সৰু ঠাইত স্থানীয় দৰ্জীৰ সহায়ত বৃহৎ পৰিসৰত ত্ৰিৰংগা পতাকা প্ৰস্তুত কৰিছিল।