ওদালগুৰিত এবছু আৰু বড়ো সাহিত্য সভাৰ যৌথ সভা ।অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তৰ বিৰোধিতা জাতীয় সংগঠন দুটাৰ । শিক্ষা বিভাগে নতুন শিক্ষা নীতিত ৩য় শ্ৰেনীৰ পৰা বিজ্ঞান আৰু গনিত ইংৰাজী ভাষাত শিক্ষা দান কৰিব বিচৰা কাৰ্যক কেতিয়া মানি নলয় সংগঠন দুয়োটাই । ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুদ্ধিজীৱি সকল উপস্থিত অনুষ্টিত সভাত অসম চৰকাৰৰ মাতৃ ভাষা মাধ্যম স্থিতি বিৰোদ্ধে গজৰি উঠিল বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বডো । তৰেন বডো কয় চৰকাৰে এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব লগতে কয় কেন্দ্ৰীয় চৰকাৰ লগত হোৱা বিটিআৰ চুক্তি অনুশৰী বিটিআৰত থকা অদেশীকৰণ বিদ্যালয় সমুহ প্ৰাদেশিক কৰিব লাগিব ।অহা ১৮ তাৰিখত অসম চৰকাৰৰ লগত আলোচনা প্ৰাগমুৰ্হত বড়ো বুদ্ধিজীৱি সকলৰ লগত মতবিনিময় কৰা বুলি কোৱা লগতে চৰকাৰে মানি নললে আন্দোলন গঢ়ি তুলিব বুলি সভাপতি তৰেন বড়ো কয় ।
ইফালে এবছুৰ সভাপতি দ্বীপেন বড়ো কয় ১৮ তাৰিখৰ সভাত আমাৰ স্থিতি কথা চৰকাৰক জনাম চৰকাৰে কি ব্যৱস্থা লয় আমি চাৰিটা সংগঠনে ক্ৰমে আছু, এবছু , অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই যৌথ ভাবে আগবঢ়ি যাম বুলি কোৱাৰ লগতে কোকৰাঝাৰত শিক্ষা মন্ত্ৰীয়ে বিটিআৰত থকা অপাদেশিত বিদ্যালয় সমুহ পাদেশিত কৰা ক্ষেত্রত বিবেচনা কৰিম চাম বুলি কোৱা কাৰ্যক শোভ প্ৰকাশ কৰি কয় বহু স্বহীদ মূল্যত পোৱা বিটিআৰ চুক্তি অনুশৰি কাৰ্যকৰি কৰিব লাগিব ।