মঙ্গলদৈ পতালছিংপাৰাৰ গণক সমাজ আৰু কোঁচ ৰাজবংশী দল সংগঠনৰ মাজত সৌহাদ্য পূৰ্ণ আলোচনা। 

মঙলদৈ পতালছিংপাৰাৰ অতুল শৰ্মাৰ মৃত্যুত যি অনাকাংশিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেই পৰিস্থিতি সাম কটোৱাৰ উদ্দেশ্যে দৰং জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত হয় এই আলোচনা। 

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত হোৱা আলোচনাত দুয়োখন সমাজে হাত মিলাই সকলো মান অভিমান পৰিহাৰ কৰে। 

কোঁচ ৰাজবংশী সমাজক ৰাজহুৱাকৈ ক্ষমা খুজিলে পতালছিংপাৰা গণক সমাজে। 

মৃতকৰ শ্ৰদ্ধাৰ সকলো কাম কাজত গণক সমাজে সহযোগ কৰাৰ লগতে পৰিয়ালটোক নিৰাপত্তা প্ৰদানৰো আচ্ছাস গণক সমাজৰ।

ব্ৰাহ্মণৰ হতুৱাই মৃতকৰ শ্ৰাদ্ধ কৰোৱাব যদিও গণক সমাজৰ ব্ৰাহ্মণ নে আন ব্ৰাহ্মণৰ হতুৱাই শ্ৰাদ্ধ কৰোৱাৰ সেই কথা পৰিষ্কাৰ কৈ নকলে সাংবাদিকৰ সন্মুখত।

সভাত উপস্থিত থাকে পতালচিংপাৰা গণক সমাজ, কোচ ৰাজবংশী সন্মিলনী আৰু আক্ৰাছু প্ৰতিনিধি