চৰাইদেউ জিলাত শোক দিৱস পালন 

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজীত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ-কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি সমগ্র ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো শোক দিৱস পালন কৰা হয়। 

এই সন্দৰ্ভত উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। 

সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায়। 

কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। 

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত দ্বয় মৌচুমী চেতিয়া আৰু অভিজিত গগৈ, সহকাৰী আয়ুক্ত সমূজ্বল বড়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

আজি শোক দিৱস উপলক্ষে জিলাখনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিও ৰখা হয়।