চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ কাৰণে ৰাজ্যৰ বিভিন্ন বাগিচা অঞ্চলত স্থাপন কৰা হৈছে মডেল উচ্চ মাধ্যমিক বিদ্যালয় । সেই অনুসৰি টিংখাং সমষ্টিৰ অন্তৰ্গত শালমাৰী আৰু দুলিয়াবাম চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ বাবে দুলিয়াবামতো এখন মডেল উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে আধাশিলা স্থাপনৰ পিছতো বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে টিংখাং সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰাই । কয় যে বহু কথা চিন্তা কৰি এই স্থানত মডেল স্কুলখন স্থাপন কৰিবলৈ লোৱা হৈছিল । কিন্তু বাগিচা অঞ্চলৰ ৰাইজৰ উন্নয়ন নিবিচৰা কেইজনমান লোকৰ বাবে বিদ্যালয়খন স্থাপন কৰিব পৰা হোৱা নাই । ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ বাবে বিদ্যালয়খন আধাশিলা কৰাৰ পিছতো থমকি ৰব লগা হৈছে । মন্ত্ৰীজনে বাগিচা পৰিচালক গৰাকীক বিদ্যালয়খন স্থাপনৰ বাবে এডোখৰ মাটি থিক কৰি দিবলৈ আহ্বান জনাইছে ।