মঙলদৈ পতালসিং পাৰাৰ ব্ৰাহ্মণ সমাজ আৰু কোচ ৰাজবংশী দল সংগঠনৰ মাজত সৌহাদ্য পূৰ্ণ আলোচনা। 

মঙলদৈ পতালছিংপাৰাৰ অতুল শৰ্মাৰ মৃত্যুত যি অনাকাংশিত পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেই পৰিস্থিতি শাম কটোৱাৰ উদ্দেশ্যে দৰং জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত মঙলবাৰে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এই আলোচনা। 

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত হোৱা আলোচনাত দুয়োখন সমাজে হাত মিলাই সকলো মান অভিমান পৰিহাৰ কৰে।  

মৃতকৰ শ্ৰদ্ধাৰ সকলো কাম কাজত ব্ৰাহ্মণ সমাজে সহযোগ কৰাৰ লগতে পৰিয়ালটোক নিৰাপত্তা প্ৰদানৰো আশ্বাস দিয়ে ব্ৰাহ্মণ সমাজে।

ব্ৰাহ্মণৰ হতুৱাই মৃতকৰ শ্ৰাদ্ধ কৰোৱাব। 

সভাত উপস্থিত থাকে পতালসিংপাৰা ব্ৰাহ্মণ সমাজ, কোচ ৰাজবংশী সন্মিলনী আৰু আক্ৰাছু প্ৰতিনিধি।