নতুন দিল্লী, ১৬ আগষ্ট। ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুৱে মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগত বাছ দুৰ্ঘটনাত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) জোৱানসকলৰ মৃত্যুত শোক প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি মুৰ্মুৱে এক টুইটযোগে কয় "জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘটিত দুৰ্ভাগ্যজনক দুৰ্ঘটনাত আইটিবিপিৰ জোৱানৰ বাহন দুৰ্ঘটনা হোৱাৰ ঘটনাই মোক শোকস্তব্ধ কৰি তুলিছে। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো"।

উল্লেখ্য যে আইটিবিপিৰ ৩৭ জন জোৱান আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ দুজন জোৱান এখন বাছ দ খাৱৈত পৰি যোৱাৰ ফলত আইটিবিপিৰ ছয়জন জোৱান নিহত হয় আৰু আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।