শিৱসাগৰত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ মিচিং স্বায়ত্ব পৰিষদত অনা অসমীয়া মিচিং গাঁও অন্তৰ্ভুক্ত কৰাৰ বিৰোধীতা। টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামূলীয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। উজনি অসমৰ প্ৰায় ১১খন জিলাত মিচিং স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত কৰা হৈছে বহু সংখ্যক অনা মিচিং গাঁও। বিশেষকৈ শিৱসাগৰ জিলাৰ অন্তৰ্গত কেইবাখনো গাঁও মিচিং স্বায়ত্ব পৰিষদৰ নতুনকৈ সীমা ৰ্নিদ্ধাৰণ কৰা খচৰাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।জাতীয় জনগোষ্ঠী সংগঠনে বিৰোধীতা কৰিছে তীব্ৰ ভাষাৰে।