জম্মু-কাশ্মীৰৰ চন্দনৱাৰীত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। অমৰনাথ যাত্ৰাৰ দায়িত্বত নিয়োজিত হৈ থকা আইটিবিপি জোৱানক কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাত পতিত হৈ ৬ জন জোৱান শ্বহীদ হয়। 

প্ৰাপ্ত খবৰ অনুসৰি, অমৰনাথ যাত্ৰা শেষ হোৱাৰ লগে লগে এই জোৱানসকলে তেওঁলোকৰ নিজৰ কেম্পলৈ উভতি আহি আছিল।

কিন্তু সেই সময়তে আইটিবিপিৰ জোৱানসকল আহি থকা বাছখনৰ ব্ৰেক ফেইল হৈ ৰাস্তাৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে মৃত্যুক সাৱটি লয় ৬ জন জোৱানে।

ইফালে এই দুৰ্ঘটনাটোত আহত হোৱা ৩৩ জন জোৱানক শ্ৰীনগৰস্থিৰ আৰ্মী হাস্পতালত ভৰ্তি কৰা হয়।