জ্যোতিকলা আৰু বৰুৱা নগৰ শাখাক স্বৰ্ণ শাখাৰ স্বীকৃতি অসম সাহিত্য সভাৰ
***************************************
অসম সাহিত্য সভাৰ চৰাইদেউ জিলা সাহিত্য সভাৰ অন্তৰ্গত জ্যোতিকলা আৰু বৰুৱা নগৰ শাখাক স্বৰ্ণ শাখা স্বীকৃতি প্ৰদান কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে ৷ অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ প্ৰাক্মুহূৰ্তত ২৪ জুলাইত শিৱসাগৰ জিলা সাহিত্য সভাৰ আতিথ্যত শিৱসাগৰ যুৱদলত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সমিতিৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত জিলাখনৰ দুয়োখন শাখাকে স্বৰ্ণ শাখা হিচাপে স্বীকৃতি প্ৰদান কৰাত দুয়োখন শাখায়ে কেন্দ্ৰীয় সমিতিলৈ কৃতজ্ঞতা স্বীকাৰ কৰাৰ লগতে জিলা সমিতিৰ সভাপতি প্ৰিয়বৰ কোঁৱৰ,সম্পাদক ড° ৰঘুনাথ কাংয়ুং আৰু জিলা সমিতিৰ সমূহবিষয়ববীয়াৰ উপৰি জিলাখনৰ অন্যতম সক্ৰিয় শাখা দিৰৈ শাখা সাহিত্য সভাৰ লগতে জিলাখনৰ সকলো শাখাই অভিনন্দন জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে,অসম সাহিত্য সভাই জিলাখনৰ স্বৰ্ণ স্বীকৃত দুয়োখন শাখাই আৰু বলিষ্ঠ পদক্ষেপেৰে কাম কৰি যোৱাত প্ৰেৰণা পোৱাৰ লগতে বাকী শাখা সমূহো স্বৰ্ণ শাখাৰে স্বীকৃত হ’ব পৰাকৈ কাম কৰি যোৱাত আদৰ্শ আৰু পৰামৰ্শৰে আগুৱাই লৈ যোৱাত সহায়ক হ’ব বুলি স্বৰ্ণ স্বীকৃত দুয়োখন শাখাৰ পৰা জিলাখনৰ শাখা সমূহে আশা প্ৰকাশ কৰিছে ৷