মঙলদৈ থানাৰ আৰক্ষী বিষয়া মুকুট কাকতি ৰ বিশেষ পদক্ষেপ।৫০০০০ হাজাৰ গছ পুলি ৰোপনৰ লক্ষ্য আৰক্ষী গৰাকীৰ।

মঙলদৈ সদৰ থানাৰ আৰক্ষী বিষয়া মুকুট কাকতি ৰ নেতৃত্বত আৰু দৰং জিলা গাওঁৰক্ষী বাহিনীৰ সহযোগত মঙ্গলদৈত ইতিমধ্যে আৰম্ভ কৰিছে গছ পুলি ৰোপন কাৰ্যসূচী।ৰামহৰি, চমুৱাপাৰা, নগৰবাহী,কানাইচুবা,মোল্লাপাৰা আদি অঞ্চলত ইতিমধ্যে ৫০০০ হাজাৰৰো অধিক গছ পুলি ৰোপন কৰিলে আৰক্ষী গৰাকীয়ে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়া গৰাকীয়ে যি ঠাইত কৰ্মৰত হয় সেই ঠাইসমূহত এনেদৰে বিভিন্ন সামাজিক কামৰ লগতে গছ পুলি ৰোপন কৰা পৰিলক্ষিত হৈছে।