নতুন অসমীয়া ছবি গ'গ আই মুকলি হ'ব ১৯ আগষ্টত।

লকডাউনত বিপৰ্য্যস্ত এগৰাকী অসমীয়াৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছৱিখন। 

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাত নিৰ্মিত গ'গ আই নামৰ ছৱিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যতিন খনিকৰে।

ছবিখনৰ প্ৰচাৰৰ বাবে সোণাৰিত উপস্থিত হোৱা যতিন খনিকৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আদৰণি জনোৱা লগতে মত বিনিময় কৰে অভিনেতা জনৰ লগত।

ৰাজ্যৰ ৪৫ টা চিনেমা হলত অহা ১৯ আগষ্টত মুকলি দিবলগীয়া নতুন অসমীয়া কথাছবি খন দৰ্শকে আদৰি ল'ব বুলি আশাবাদী অভিনেতা যতিন খনিকৰ।