শিৱসাগৰঃ--শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, হিন্দু ধৰ্ম্মসভা নামঘৰ আৰু যুৱ সাংবাদিক সন্থা অসম, শিৱসাগৰ জিলা সমিতিৰ বিশেষ সহযোগত জেষ্ঠ নাট্যকৰ্মী নিৰজা প্ৰসাদ শৰ্মাৰ সোঁৱৰণত যোৱা শনিবাৰে গণেশ চতুৰ্থীৰ দিনা শিৱসাগৰৰ ১২৫ বছৰ গৰকা হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহত সদৌ অসম প্ৰাইজমাণি কোকিলকণ্ঠী গায়িকা পদ্মশ্ৰী দিপালী বৰঠাকুৰ আৰু গীতিকাৰ-সুৰকাৰ, কবি, সৰস্বতী ড০ নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ সাংবাদিক তথা সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মা ই আঁত ধৰা অনুষ্ঠানত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ পতাকা উত্তোলন কৰে বিশিষ্ট চিত্ৰ-আলোকচিত্ৰ শিল্পী তথা গোষ্ঠীৰ সভাপতি জিতেন কাকতিয়ে ৷ আনহাতে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে হিন্দু ধৰ্ম্মসভা নামঘৰৰ উপদেষ্টা তথা প্ৰতিযোগিতা উদ্‌যাপন সমিতিৰ সভাপতি অনঙ্গ মোহন শৰ্মায়ে । তাৰ পাছতেই সাংস্কৃতিককৰ্মী ত্ৰিবেণী কাকতিয়ে আতঁ ধৰা অনুষ্ঠানত গীতৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰি নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক অতনু বৰাই অসমৰ প্ৰখ্যাত শিল্পী দুগৰাকীক নৱপ্ৰজন্মৰ আগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰাৰ বাবে আয়োজক সমিতিক বিশেষ ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে সাংবাদিক বৰাই কয় যে, সাম্প্ৰতিক সময়ত এনে এটি ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰাতো সঁচাকৈ প্ৰশংসনীয় ৷ উল্লেখযোগ্য যে, দুকুৰিৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা গীতৰ প্ৰতিযোগিতাৰ সন্ধিয়া বঁটা বিতৰণ অনুষ্ঠান উদ্বোধন কৰি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি তথা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰে ৷ গীতৰ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বিশিষ্ট হোমিঅ’ চিকিৎসক প্ৰয়াত কমল বৰুৱা আৰু সমাজকৰ্মী প্ৰয়াত প্ৰফুল্ল শইকীয়া সোঁৱৰণী বঁটা, সৰস্বতী ড০ নিৰ্মল প্ৰভা বৰদলৈ সোঁৱৰণী বঁটা, চুপহা সত্ৰৰ ডেকা-সত্ৰাধিকাৰ প্ৰয়াত টংকেশ্বৰ মহন্ত সোঁৱৰণী বঁটা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থগাৰিকা প্ৰয়াত শান্তি দাস সোঁৱৰণী বঁটা, সমাজসেৱক, জ্যেষ্ঠ নাট্যকৰ্মী প্ৰয়াত নিৰজা প্ৰসাদ শৰ্মা সোঁৱৰণী বঁটা, আকৰ্ষণীয় মানপত্ৰ সহ ৩২,০০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয় ৷ উল্লেখ যে, প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মা ই পৰিচালনা আৰু শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত দাতা পৰিয়ালৰ হৈ বিশিষ্ট শিক্ষাবিদ মাধৱ মহন্ত আৰু মৃনাল কুমাৰ বৰুৱা আদিৰ লগতে বিচাৰকসকল ক্ৰমে পৰিনীতা বৰুৱা নেওগ, ধৰ্মৰঞ্জন গগৈ আৰু অতুল বৰবৰুৱা প্ৰমুখ্যে ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ শেষত অসম সংগীতেৰে উক্ত গাম্ভিৰ্য্যপূৰ্ণ সংগীতানুষ্ঠানটি সফলতাৰে সামৰণি পৰে ।