ঢকুৱাখনাত এজন অচিনাকি ব্যক্তিক লৈ বিপাঙত আৰক্ষী। 

সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ভাটি কেকুৰীত মঙ্গল বাৰে নিশা এজন অচিনাকী ব্যক্তি সন্ধান পোৱা যায়।

ভাটি কেকুৰীৰ গাঁওবুঢ়াই আৰক্ষীক গতাই দিয়া পিছতে সোণাৰি চাপৰি আৰক্ষীয়ে অচিনাকি ব্যক্তি জনক চমজি লয়।

ব্যক্তি জন কৰ হয় কেনেকৈ এই ঠাইত উপস্থিত হ'ল কোনো তাৰ তথ্য লাভ কৰা নাই।

কাৰণ ব্যক্তি জনে অসমীয়া,ইংৰাজী ,হিন্দী বা যিকোনো ভাষা বুজি নোপোৱাৰ লগতে কব নোৱাৰত সোণাৰি চাপৰি আৰক্ষী বিপাঙত পৰিছে।

সেয়েহে ব্যক্তি জনক বৃদ্ধা আশ্ৰমত ৰখোৱা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে জনায়।

ইফালে কোনো সদাশয় ব্যক্তিয়ে যদিহে এইজন ব্যক্তি চিনি পায় তেতিয়া হলে ঢকুৱাখনাৰ সোণাৰি চাপৰি আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনাইছে।