কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত হাতীগাঁও এক নং বাগানৰ শিয়াল ডাংগাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। শালপতিয়ে হত্যা কৰিলে শালপতিক।নিহত লোকজনৰ নাম মাৰ্টিন তিৰ্কী। হত্যাকাৰী মাৰিউচ নাগক ইতিমধ্যে আটক কৰিছে মিছা আৰক্ষীয়ে। পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত পুত্ৰ-কন্যাসহ পত্নী শুই থকা অৱস্থাত মাৰ্টিন তিৰ্কীৰ ঘৰলৈ আহিছিল মাৰিউচ নাগ। ইয়াৰ পিছতে দুয়োজনৰ মাজত কথাৰ কটাকটি হৈ পিছত সংঘাতৰ সৃষ্টি হয়। মাৰিউচৰ ঘোচাত ঘৰৰ দেৱালত খুন্দা খাই মৃত্যু হয় মাৰ্টিনৰ।