স্বপ্নদ্ৰষ্টা যতীন গগৈৰ পঞ্চম স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন

মৰাণৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বতামৰা উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয়ত অহা ১৮ আগষ্ট তাৰিখে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত স্বপ্নদ্ৰষ্টা যতীন গগৈৰ পঞ্চম স্মাৰক বক্তৃতানুষ্ঠানটি আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। দিনৰ ১১ বজাৰ পৰা হ'বলগীয়া এই পঞ্চম বক্তৃতানুষ্ঠানটিত " বিজ্ঞান তথা তথ্য-প্ৰযুক্তিৰ গতিধাৰা বনাম মানৱ সমাজ" - শীৰ্ষক বিষয়ত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰিব বিশিষ্ট চিন্তাবিদ, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই। বক্তৃতানুষ্ঠানটিৰ উদ্বোধন কৰিব বিশিষ্ট কবি, লেখক তথা বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ চুতীয়াই। অনুষ্ঠানটোৰ সঞ্চালনা কৰিব বিশিষ্ট কবি, লেখক তথা মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ নিৰোদ গোহাঁইয়ে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ডঃ কৌৰাঙ্গ বুঢ়াগোহাঁইয়ে। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বৃক্ষৰোপণ কৰিব বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সচিব পুলিন গগৈয়ে আৰু বন্তি প্ৰজ্বলন কৰিব বিদ্যালয়খনৰ শৈক্ষিক উপদেষ্টা প্ৰদীপ সন্দিকৈয়ে।

           উল্লেখ্য যে, জাতীয় বিদ্যালয় শিক্ষা আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি যতীন গগৈৰ ২০১৬ বৰ্ষৰ ১৮ আগষ্টত আকস্মিকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰিছিল। প্ৰয়াত গগৈৰ চিন্তাধাৰা জীয়াই ৰাখিবলৈ উক্ত বৰ্ষৰ পৰা বিদ্যালয় পৰিয়াল তথা স্বপ্নদ্ৰষ্টা যতীন গগৈ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। বিগত বৰ্ষসমূহত বিশিষ্ট চিন্তাবিদ ডঃ দেৱব্ৰত শৰ্মা, অৰণ্য মানৱ যাদৱ পায়েঙ, অধ্যাপক-সুবক্তা ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁই, বিশিষ্ট গৱেষক ডঃ গিৰিণ ফুকনে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। কিন্তু ২০২০ আৰু ২০২১ বৰ্ষ দুটা কভিদে আক্ৰান্ত কৰা বাবে অনুষ্ঠানটোৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা হোৱা নাছিল। আয়োজক সমিতিৰ হৈ সম্পাদক ধৰ্মকান্ত হাজৰিকা আৰু সভাপতি মুক্তি গগৈয়ে স্মাৰক বক্তৃতানুষ্ঠানটিত শিক্ষানুৰাগী ৰাইজ, অভিভাৱক আৰু শুভাকাংক্ষীসকলৰ উপস্থিতি কামনা কৰিছে।