আজাদী কা অমৃত মহোৎসৱ উপলক্ষে দুমুনিচকীৰ দুই শাহু বোৱাৰী ব্যতিক্ৰমী পদক্ষেপ।

গাঁৱৰে কন কন ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা 

স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী অংশ হিচাপে ছিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত দুমুনিচকী নিকটবৰ্তী খাছসোনাপুৰ গাঁৱৰ দুই শাহু বোৱাৰী ক্ৰমেআনোৱাৰা বেগম আৰু আফ্ৰিন বেগমৰ উদ্যোগত অঞ্চলটোৰ কন কন ছাত্ৰ ছাত্ৰীত মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগীতা আৰু সাংস্কৃতিক কাৰ্যসূচী ।

অসম ৰাজ্যিক গ্ৰামীন জীৱিকা কৃষি সখি মনিকা নাথে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা পিছতে আৰম্ভ হয় চিত্ৰাংকন প্ৰতিযোগীতা ।

অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় পৰিয়ালৰ তৰফৰ পৰা ।

দুই শাহু বোৱাৰীৰ এনে পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে ।