মুখ্য সচিবৰ এখন পত্ৰই এতিয়া চাহ শ্ৰমিকৰ মাজত হাহাকাৰ লগাইছে ।

 - চৰম আৰ্থিক সংকটত ভুগিছে ৰাজ্যৰ ১০ খনকৈ চাহ বাগিচা । কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন্ড্ৰিউ উইল কোম্পানীৰ ১০ খন চাহ বাগিচা অতি শীঘ্ৰে যাব পাৰে ব্যক্তিগত খণ্ডৰ হাতলৈ । মুখ্য সচিবৰ এখন পত্ৰই এতিয়া চাহ শ্ৰমিকৰ মাজত হাহাকাৰ লগাইছে । পত্ৰখনিত পোৱা গৈছে এনে ইংগিত ।

এন্ড্ৰিউ উইলৰ অধীনৰ চাহ বাগিচাসমূহ চৰম চৰম আৰ্থিক সংকটত ভুগি আহিছে । এনে লোকচানৰ বাবে বাগিচাৰ শ্রমিকক দিব পৰা নাই মজুৰি । শ্ৰমিকক দিব পৰা নাই নিয়মীয়া ৰেচন । 

একেদৰে, খোৱাং চাহ বাগিচাত পূৰ্বৰ তুলনাত আৰ্থিক অৱস্থা ভাল হৈ আহিছে যদিও এতিয়াও দুটা দৰমহা, দুটাকৈ ৰেচন দিবলৈ আছে শ্ৰমিকসকলক।