আন্তঃগাথঁনিৰ উন্নয়ন অবিহনে চলিছে সোণাৰিৰ বৰহাট চাহ বাগিচা আদৰ্শ বিদ্যালয়।

চাহ বাগিচা অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে সোণাৰি সমষ্টিৰ বৰহাট চাহ বাগিচাতো এখন আদৰ্শ বিদ্যালয় স্থাপন কৰিছিল ৰাজ্য চৰকাৰে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে এই বিদ্যালয় সমূহৰ আন্তঃগাথঁনি উন্নয়ন সম্পূৰ্ণ নকৰাকৈয়ে উদ্বোধন কৰাৰ ফলত এতিয়া ব্যাপক সমস্যাৰ সন্মুখীন হৈছে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকল। এই সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেখাতি শাখাই আনিছে বহুকেইটা অভিযোগ। আটছাৰ অভিযোগ অনুসৰি বৰহাট চাহ বাগিচা আদৰ্শ বিদ্যালয় উদ্বোধন কৰা হ'ল যদিও বিদ্যালয়খনত খোৱা পানীৰ অভাৱ, বিসংগতিপূৰ্ণ বিদ্যুৎ সংযোগৰ লগতে চৌহদৰ চাৰিসীমাত আজিলৈকে স্থায়ী বেৰা আজিলৈকে দিয়া নহ'ল। আনহাতে বিদ্যালয় পৰিচালনাৰ বাবে প্ৰদান কৰা বাৰ্ষিক আৰ্থিক সাহায্যৰ প্ৰথমটো কিস্তি চৰকাৰে মুকলি কৰি দিয়া পাছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে বিদ্যালয় কৰ্তৃপক্ষৰ হাতত এৰি নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত চাহ বাগিচা অঞ্চলত বিদ্যালয় স্থাপন কৰি চৰকাৰে কণা হাঁহক পতান ধান দিয়াৰ দৰেহে হৈছে বুলি মন্তব্য কৰিছে আটছাৰ বিষয়ববীয়াই। মন কৰিবলগীয়া যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই বিগত ২৬ মে'ত উদ্বোধন কৰিছিল বৰহাট চাহ বাগিচা আদৰ্শ বিদ্যালয়। ইয়াৰ কেইদিনমান পাছতেই বিদ্যালয়খনৰ আন্তঃগাথঁনি উন্নয়ন কৰিবলৈ আটছাৰ তৰফৰপৰা চৰাইদেউ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।