শিৱসাগৰঃ শিৱসাগৰ নগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৩০ আগষ্ট, শুক্ৰবাৰে জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে আঁত ধৰা এক অনুষ্ঠানত ৰাষ্ট্ৰীয় পেলু নিৰ্মূল কৰণ দিৱসৰ জিলা ভিত্তিক কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে শিৱসাগৰ উদ্‌ নগৰীয়া আয়ুস্মান আৰোগ্য মন্দিৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া তথা মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া দীপামণি শইকীয়া এ ৷ অনুষ্ঠানত উপস্থিত থাকি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাই পেলু নিৰ্মুল কৰণ দিৱস সফলতাৰে সম্পন্নৰ অৰ্থে সকলোৰে সহযোগিতা কামনা কৰে ৷ উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শিৱসাগৰৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শইকীয়া, স্কুল হেলথৰ নডেল বিষয়া তথা মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ চালমা চুলতানা, স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা সৰোজ দত্ত, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে । উল্লেখযোগ্য যে, ১ ৰ পৰা ১৯ বছৰলৈ জিলাখনৰ মুঠ ১,৭৪,৯৩৮ গৰাকী শিশু আৰু কিশোৰ-কিশোৰীক এই টেবলেট খুওৱা হ'ব বুলি জানিবলৈ দিছে ৷ স্কুল, কলেজ, অংগনৱাড়ী চেন্টাৰ, প্ৰতিটো স্বাস্থ্য প্ৰতিষ্ঠান আৰু অনাথ আশ্ৰমৰ প্ৰতিটো শিশুকেই "এলবেণ্ডাজল" টেবলেট খুওৱা হ'ব । শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে ৰাষ্ট্ৰীয় পেলু নিৰ্মুল কৰণ দিৱসৰ সফল ৰূপায়ণৰ বাবে জিলাবাসী ৰাইজক সহায়-সহযোগ কৰিবলৈ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকো সহযোগ কৰিবলৈ কৰপুতে আহ্বান জনায় ।