*অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলত ৩০ সংখ্যক নৱাগত আদৰণি সভা*

*দুই শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন*

ঢকুৱাখনা মহকুমাৰ খেৰকটামুখ অঞ্চলৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান অল আসাম মিৰি হায়াৰচেকেণ্ডেৰী স্কুলৰ ৩০ সংখ্যক নৱাগত আদৰণি সভা আৰু কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা আনুষ্ঠান আজি সম্পন্ন হৈ যায়৷ প্ৰথ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত চাফাই অভিযানৰ পিছতে পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে৷ স্মৃতি তৰ্পণ কৰে উপাধ্যক্ষ অশোক কুমাৰ দলেয়ে৷ ইয়াৰ পিছতে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক আদৰণি অনুষ্ঠান আৰম্ভ হয়।এই অনুষ্ঠানৰ আতঁধৰে বিষয় শিক্ষক বিমান সন্দিকৈয়ে৷এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নাম পৰিচয়ৰ লগতে প্ৰতিভাৰো চিনাকি দাঙি ধৰে বিভিন্ন গীত,নৃত্য,কবিতা আবৃত্তিৰ মাজেৰে।১০ বজাৰ পৰা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেন্দ্ৰ কুমাৰ পেগুৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়।ছাত্ৰী সকলে গোৱা এটি সমবেত সংগীতেৰে মুকলি সভাৰ কাৰ্যসূচী শুভাৰম্ভ হয়৷ইয়াৰ পিছতেই সকলোকে উদ্দশ্যি আদৰণি ভাষন আগবঢ়াই বিদ্যালয়ৰ ছাত্ৰী ডিম্পী দলে আৰু ছাত্ৰ অচিন দলেয়ে।মুকলি সভাৰ কাৰ্যসূচীৰ মাজতে-২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২০ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৫ গৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ সহ কিতাপৰ টোপোলাৰে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা অভিনন্দন জনোৱা হয়।অন্যহাতে এই অনুষ্ঠানতেই বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত যোগেন্দ্ৰ নাথ ভাগৱতীৰ সোঁৱৰণ তেওঁৰ ন্যাসে আগবঢ়াই-"যোগেন্দ্ৰ নাথ ভাগৱতী স্মৃতি বঁটাটি উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়ৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত ৰিংকুমণি পেগুক আগবঢ়োৱা হয়।এই বঁটাত আছে নগদ দহ হাজাৰ টকা আৰু মানপত্ৰ।এই বঁটাটি ২০১৯-২০২০ বৰ্ষৰ পৰা দি অহা হৈছে।ইফালে মাতমৰা অঞ্চলৰ এগৰাকী সু-সন্তান তথা ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া ভূমিৰঞ্জন দলেয়ে ২০১৫ চনৰ পৰা আগবঢ়াই অহা-দৌলত মানসিং স্মৃতি বঁটা"-এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা লীণা পেগুক আগবঢ়োৱা হয়।এই বঁটাত আছে নগদ পাঁচ হাজাৰ টকা,ফুলাম গামোছা আৰু মান পত্ৰ।অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে উদ্ধোধন কৰা মুকলি সভাখনিত-নিদিৰ্ষ্ট বক্তাৰূপে উপস্থিত থাকি অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক ড° অমল চন্দ্ৰ দত্তই কয় যে-"শ্ৰম,একাগ্ৰতা,অধ্যৱসায়ৰ অবিহনে কোনো কামতে সফলতা লাভ কৰি নোৱাৰি।বিফলতাৰ হেঙাৰ অতিক্ৰম কৰি আগুৱাই যাবলৈ হ'লে ধৈৰ্য্য আৰু চেষ্টা লাগিব।চেষ্টাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰাজন কেতিয়াও সফল নহয়।" তদুপৰি এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি ক্ৰমে-যোগীসূঁতি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰ কুমাৰ দলে,বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰদীপ কুমাৰ পেগু,অৱসৰপ্ৰাপ্ত শিক্ষক মুনিন্দ্ৰ শৰ্মা,আৰু সমাজকৰ্মী নৱকুমাৰ পেগুৱেও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়াই।মুকলি সভাৰ কাৰ্যসূচীৰ মাজে-মাজে ন-পুৰণি শিক্ষাৰ্থীসকলে গীত,কবিতা,নৃত্য ইত্যাদি পৰিৱেশন কৰি সভাত উপস্থিত শিক্ষাৰ্থী,অভিভাৱক আৰু অতিথিসকলক মনোৰঞ্জন দিয়ে।