পশ্চিম মঙলদৈত অভাৰচীজ বেংকৰ বান সাহাৰ্য বিতৰণ। পশ্চিম মঙলদৈৰ জনাৰামচৌকা পঞ্চায়তৰ অন্তৰ্গত বানবিধ্বস্ত পৰিয়াললৈ সাহাৰ্য আগবঢ়ায় অভাৰচীজ বেংকৰ গুৱাহাটী মণ্ডলে। শাকতোলা নদীৰ বানত জুৰুলা বৰ-আঠিয়াবাৰী, কল্যাণপুৰ, গোৱালপাৰা আদি চুবুৰীৰ প্ৰায় শতাধিক পৰিয়ালক বানৰ পাছত প্ৰয়োজনীয় বৃহৎ সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰণ কৰে। খাদ্য সামগ্ৰীৰ লগতে ফেনলৰ পৰা চাবোনলৈ প্ৰদান কৰা টোপোলা সমূহ বিতৰণ কৰে । শাকতোলাৰ মথাউৰি দুবাৰকৈ বৰআঠিয়াবাৰীৰ বাঢ়ৈপাৰাত চিঙি যোৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ গাওঁ সমূহ বেয়াকৈ জুৰুলা হৈছিল। ৰঙামাটি, পিপৰাদোকান এলেকাতকৈ অধিক দিনৰ বাবে ঘৰৰ মজিয়াত পানী সোমাইয়েই আছিল শাকতোলা নদীৰ। আজি ৮ দিন পূৰ্বে মথাউৰিটোৰ অস্হায়ী বান্ধ দিয়াৰ পাছতহে জলস্তৰ নামি গৈছে যদিও বন্যাৰ্তৰ বাবে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো জটিল হৈ পৰে। এনে পৰিস্থিতিত বেংকটোৰ বিষয়া-কৰ্মচাৰী সন্হাই আগবাঢ়ি আহে আৰৱ গুৱাহাটী মণ্ডলৰ সহকাৰী সাধাৰণ সম্পাদকৰ নেতৃত্বত এটা দলে সামগ্ৰী সমূহ বিতৰণ কৰে। স্থানীয় ৰাইজে বেংকৰ এনে সামাজিক কামক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
એક જ પેઢીમાંથી ત્રીજી વખત ઘીનો નમુનો ફેઇલ : દૂધ સહિત વધુ પાંચ સેમ્પલ નાપાસ
મ્યુનિ. કોર્પોરેશનની ફૂડ શાખા દ્વારા ખાણીપીણીની વસ્તુઓમાં કરાતી ભેળસેળ અને નબળી ગુણવત્તાનો માલ...
ડીસા ગૌ ભક્તો દ્વારા રાજ્ય સરકારના શિક્ષણ મંત્રી ની ગાડી ને અટકાવી કટોરા લઈને ગૌભક્તોએ માંગી ભીખ
ડીસા ગૌ ભક્તો દ્વારા રાજ્ય સરકારના શિક્ષણ મંત્રી ની ગાડી ને અટકાવી કટોરા લઈને ગૌભક્તોએ માંગી ભીખ
মাহমৰা জজলী চিৰিংবাৰী নামঘৰত ভাওনা প্ৰদৰ্শন
মাহমৰাৰ জজলী চিৰিংবাৰীত নামঘৰত ভাওনা প্ৰদৰ্শন। জজলী চিৰিংবাৰী নামঘৰ আৰু নৱজাগৰণ যুৱ সংঘৰ সৌজন্যত...
তৃতীয় স্থানৰে উজ্বলিল মৃগাংক ভট্টাচাৰ্য্য,শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটত আনন্দৰ জোৱাৰ
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত শংকৰদেৱ বিদ্যা...