গাওঁৰক্ষী বাহিনীয়ে বৃদ্ধাশ্ৰমত উদযাপন কৰিলে স্বাধীনতা দিৱস 

চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত ১নং বৰপথাৰ গাঁওৰক্ষী বাহিনীয়ে আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি দুটাকৈ বৃদ্ধাশ্ৰমৰ আৱাসী সকলক সাক্ষাৎ কৰে। গাঁওৰক্ষী বাহিনীৰ সভাপতি নুৰমান আলী আৰু সম্পাদক সত্যৰঞ্জন গগৈকে ধৰি সকলো সদস্য মথুৰাপুৰ আৰু শিমলুগুৰি বৃদ্ধশ্ৰমত উপস্থিত হৈ একোটাকৈ পানী ফিল্টাৰ আৰু কিছু খাদ্য সামগ্ৰী যোগান ধৰে। সংবাদকৰ্মী মুহিজুদ্দিন আহমেদে আঁত ধৰা দুয়োটা অনুষ্ঠানতে স্থানীয় গ্ৰাম প্ৰধান হেমন্ত চাংমাই, গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা জিয়াউদ্দিন আহমেদ, সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই, চফ্ৰাই দোকানী সমিতিৰ কৰ্মকৰ্তা পংকু পাল উপস্থিত থাকে। লগতে মথুৰাপুৰ বৃদ্ধাশ্ৰমত আৱাসী হিচাপে থকা মুক্তিযোদ্ধা শুৱলা গগৈক স্বাধীনতা দিৱসৰ উপলক্ষত এখনি গামোছাৰে সম্বৰ্ধনা জনায়।