১৪ আগষ্ট : যোৰহাট জিলাৰ অন্তৰ্গত ৭ টা শিশু উন্নয়ন প্ৰকল্পৰ ৮ গৰাকী ৬ মাহৰ পৰা ২ বছৰৰ স্বাস্থ্যৱান শিশুক পুৰস্কাৰ প্ৰদান ।

ড০ হিমন্ত বিশ্ব শৰ্ম্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে "সোণালী শৈশৱ বিকশিত" অসম আঁচনিৰ অধীনত ১৪ আগষ্ট ৰ দিনা ৰাজ্যখনত ১০০০ অঙ্গনবাড়ী কেন্দ্ৰ মুকলি কৰে। । শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ লগতে উচ্চ শিক্ষা গ্ৰহণৰ বাবে সাজু কৰি তোলাৰ লক্ষেৰে মহিলা আৰু শিশু বিকাশ বিভাগে ৰাজ্য চৰকাৰৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন (SOPD) পুঁজিৰে এই ১০০০ টা অঙ্গনবাডী কেন্দ্ৰ নিৰ্মাণ কৰিছে।

 যোৰহাট জিলাত মুঠ ৪ টা অঙ্গনবাড়ী কেন্দ্ৰ,৭৯ নং নপমুমা, ৬৫ নং ফুকনহাবি দফলাটিং চেকগেটৰ আদৰ্শ অঙ্গনবাডী কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে ঔগুৰি অঙ্গনৱাড়ী কেন্দ্ৰটি ভাৰ্চুৱেলী উদ্বোধন কৰি বিভাগীয় মন্ত্ৰী অজন্তা নেওগে কয়- চলিত বিত্তীয় বৰ্ষত আৰু ২০০০ টা অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে।