নতুন দিল্লী, ১৫ আগষ্ট। আজি স্বাধীনতা দিৱস। আজিৰ দিনটোতেই অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত দেশে স্বাধীনতা লাভ কৰিছিল। ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা নৱমবাৰৰ বাবে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সম্বোধনকালত জনসাধাৰণক ক্ৰীড়াৰ সমৰ্থন আৰু প্ৰচাৰ কৰিবলৈ আহ্বান জনায় মোদীয়ে। সদ্য সমাপ্ত কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ চমৎকাৰ প্ৰদৰ্শনৰ বাবেও প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া সপোন ডাঙৰ হয়, তেতিয়া কঠোৰ পৰিশ্ৰমো সমানে কঠিন হয়। আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সংকল্পৰ দ্বাৰা অনুপ্ৰাণিত হ'ব লাগিব যিসকলে এখন স্বাধীন ভাৰতৰ সপোন দেখিছিল। মই যুৱসকলক তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী ২৫ বছৰ দেশৰ উন্নয়নৰ বাবে উৎসৰ্গা কৰিবলৈ অনুৰোধ জনাইছো। আমি সমগ্ৰ মানৱতাৰ বিকাশৰ দিশত কাম কৰিম। এয়া হৈছে ভাৰতৰ শক্তি"।

"আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আমাৰ সুন্দৰ প্ৰদৰ্শন ভাৰতৰ উজ্জ্বল প্ৰতিভাৰ এক উদাহৰণ। আমি এনে প্ৰতিভাৰ প্ৰচাৰ আৰু সমৰ্থন কৰিব লাগিব" বুলি এইদৰে কয় মোদীয়ে।

সদ্যসমাপ্ত কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় দলৰ প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় ভাৰতে এই গেমছত মুঠ ৬১ টা পদক জয় কৰি পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। ইয়াৰ ভিতৰত আছে ২২ টা সোণৰ পদক, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ পদক।