চৰাইদেউত কেঁচুৱা আৰু শিশুৰ খাদ্যাভাসৰ সন্দৰ্ভত কৰ্মশালা সম্পন্ন

চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি কেঁচুৱা আৰু শিশুৰ খাদ্যাভাসৰ সন্দৰ্ভত দিনযোৰা এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাখনি উদ্বোধন কৰি সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে কয় যে, "শিশুৰ দুগ্ধপান আৰু সঠিক খাদ্যাভাসৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিব লাগে। এই ক্ষেত্ৰত শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকা আৰু পোষণ অভিযানৰ কৰ্মচাৰীসকলে শুদ্ধকৈ সকলো কথা জানি গৰ্ভৱতী তথা প্ৰসূতি মাতৃসকলৰ মাজত বহল প্ৰচাৰ কৰিব লাগে।" তেওঁ লগতে বৰ্তমান বিভাগৰ অধীনত চলি থকা আঁচনিসমূহৰ হিতাধিকাৰীৰ আধাৰ সংযোজনৰ ওপৰত বিশেষভাৱে মনোনিৱেশ কৰিবলৈ সকলোকে আহ্বান জনায়।

কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অভয়পুৰ প্ৰকল্পৰ মুখ্য সেৱিকা অনামিকা গগৈ আৰু পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা। তেওঁলোক দুয়োজনেই শিশুৰ খাদ্যাভাসৰ সতে জড়িত বিভিন্ন বিষয়সমূহ যেনে- দুগ্ধপান অভ্যাসৰ পৰিচয় আৰু ইতিহাস, শিশুক স্তনৰ গাখীৰ খুৱালে কি লাভ হয়, শিশুক মাতৃদুগ্ধ কিমান দিন খুৱাব লাগে, মাতৃদুগ্ধ খুউৱাৰ শুদ্ধ প্ৰণালী, পৰিপূৰক আহাৰ খুউৱাৰ পদ্ধতি আৰু প্ৰয়োজনীয়তা আদিৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। 

আজিৰ কৰ্মশালাখনিত অভয়পুৰ আৰু লাকুৱা প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াদ্বয় ক্ৰমে মিৰান্দা সোণোৱাল আৰু সুপ্ৰিয়া বৰদলৈৰ লগতে আটাইকেইটা প্ৰকল্পৰ মুখ্য সেৱিকাবৃন্দ আৰু পোষণ অভিযানৰ কৰ্মচাৰীসকল উপস্থিত থাকে।