শিৱসাগৰ যুৱদলত জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান শিৱসাগৰ ৰত্ন উপাধি কৰা হয় বিশিষ্ট শিক্ষাবিদ সোনাৰাম বৰুৱাক। অসম সাহিত্যসভাৰ সভাপতি পদ্মশ্ৰী ড°সূৰ্য্যকান্ত হাজৰিকা, সাহিত্যচাৰ্য ড°নাহেন্দ্ৰ পাদুন ,শিৱসাগৰ আৰু ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড°জিতেন হাজৰিকা, বিশিষ্ট সাহিত্যিক ড°কৰৱী ডেকা হাজৰিকা, উপস্থিত থাকে বিশিষ্ট অতিথি হিচাবে এই গাম্ভীৰ্য্যপূৰ্ণ কাৰ্য্যসূচীত । জিলা সাহিত্য সভাৰ সভাপতি ড°নিৰুপমা মহন্তৰ সঞ্চালনাত অনুষ্ঠিত এই সমগ্ৰ কাৰ্য্যসূচীৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক সন্তুোষ দত্তই। এই সভাতে উন্মোচন কৰা হয় "লেখক ও গ্ৰন্থ" ।বিশিষ্ট সাহিত্যিক ড° কৰৱী ডেকা হাজৰিকাই এই গ্ৰন্থ উন্মোচন কৰে।