মৰাণ চাহ বাগিচাত আৱিষ্কাৰৰ সৌজন্যত স্বাধীনতা দিৱস
মৰাণ চাহ বাগিচাতো উলহ মালহেৰে আৱিষ্কাৰৰ সৌজন্যত ৭৫ তম স্বাধীনতা দিৱস পালন কৰা হয়। আৱিষ্কাৰৰ মূখ্য উদ্যোক্তা- লক্ষেশ্বৰ তাঁতীয়ে আঁতধৰা অনুষ্ঠানটিত পূৱা স্মৃতি তৰ্পণ কৰে চাহ কৰ্মচাৰী সংঘৰ সভাপতি - ৰেব ফুকন আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মৰাণ চাহ বাগিচাৰ মূখ্য পৰিচালক - শুভব্ৰত শিকদাৰ। ভূপেন হাজৰিকা, বিৰছা মুণ্ডা আৰু দিলবদন দাসৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ,ধূপ,চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি আগবঢ়াই ক্ৰমে - নিশি সিং, দেবেন উৰাং আৰু বিমান দাসে। ইয়াৰ পিছতেই অন্যান্য নিমন্ত্ৰিত ব্যক্তিসকলৰ ওপৰিও অঞ্চলটিৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী ক্ৰমে - হাঁহিৰাম গোছাঁই, জাৰছা হুছেইন, ৰুদ্ৰ চুতীয়া, চাৰ্তিন্ন চাওৰা,ৰামৰাজ শৰ্মা আৰু ৰামসুন্দৰ ঘাটোৱাৰক আৱিস্কাৰৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা, শৰাই আৰু অভিনন্দন পুত্ৰৰে বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। সভাত বাগিচাৰ পৰিচালক- শুভব্ৰত শিকদাৰ, জাৰছা হুছেইনে স্বাধীনতা দিৱস উপলক্ষে বক্তব্য ৰাখে। লৰা- ছোৱালী আৰু মহিলা সকলৰ বাবে আয়োজিত খেল- ধেমালি প্ৰতিযোগিতা মুকলি কৰে- হাঁহিৰাম গোছাঁয়ে। নুৰ আদৰ্শ শিশু নিকেতনৰ শিক্ষক আৰু ছাত্ৰ/ ছাত্ৰীয়ে- ৰাষ্ট্ৰীয় সংগীতৰ ওপৰিও দেশ প্ৰেম মূলক গীত পৰিৱেশন কৰে। শলাগৰ শৰাই আগবঢ়াই আৱিষ্কাৰৰ অন্যতম আহ্বায়ক- মোহিনী মোহন লিগিৰা। মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত থকা বিভিন্ন বাগিচা ইউনিট সমূহৰ প্ৰতিনিধি সকলৰ উদ্যোগত ৭৫ তম স্বাধীনতা দিৱসটি বিভিন্ন কাৰ্যসূচীৰে অতি সুন্দৰ ভাৱে পালন কৰে, শাখাৰ সহ: সম্পাদক প্ৰমোদ সিং তাঁতীয়ে খৰাহাট বাগিচা ইউনিটত অংশগ্ৰহণ কৰে।শাখা সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে জনাইছে।