২৫ জুলাই: ধেমাজিৰ অন্তৰ্গত ৰাইচাপৰিস্থিত আঞ্চলিক মুৰং ঘৰত ছয় মিচিং সংগঠনৰ উদ্যোগত ২০২২ বৰ্ষৰ সদ্যঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ ৪৬ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষা সজাগতা অনুষ্ঠিত কৰা হয়৷ এই সম্বৰ্ধনা সভাতেই কৃতী শিক্ষাৰ্থীসকলক একোখনকৈ মান পত্ৰ,মিচিং মাফলাৰ আৰু মূল্যৱান গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷ 

মকে মিলি,জয়গেশ্বৰ পাংগিং আৰু ৰেখামণি মিলিৰ তিনি সংগঠনৰ সভাপতিসকলৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানতেই উত্তৰ ধেমাজি আঞ্চলিকৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰাইচাপৰি হাইস্কুলৰ প্ৰধান শিক্ষক সুন্দৰাম পাংগিং,টি এম পি কে কেন্দ্ৰীয় উপ-সভাপতি সোমেশ্বৰ কপ্তাক,টি এম পি কে ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান,সম্পাদক ৰোহিত নৰহ,এম এম কেৰ সম্পাদক দেৱৰাম টায়ে,হৰেন কপ্তাকে উপস্থিত থাকি শিক্ষা,জীৱন কৃতিত্ব সম্পৰ্কীয় অনুপ্ৰেৰণামূলক গভীৰ বক্তব্যৰে কৃতী শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰা হয়৷