শিৱসাগৰঃ শিৱসাগৰৰ আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ অনুষ্ঠান সমাপ্ত নকৰাকৈয়ে গুছি গ’ল প্ৰধান শিক্ষয়ত্ৰী মঞ্জুলা দেৱী ৷ অতি দুখৰ খবৰ যে, ১৮ আগষ্ট, দেওবাৰে পুৱা ৭-৪০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে নৱাৰুণ..দ্যা ৰাইজিং ৰে-অসমৰ প্ৰতিষ্ঠাপক সভাপতি, সমাজসেৱিকা, হিন্দু ধৰ্ম্মসভা নামঘৰৰ সক্ৰিয় সদস্যা, "দৃশ্যপট, শিৱসাগৰ'ৰ" কৰ্মকৰ্তা তথা প্ৰধান শিক্ষয়ত্ৰী মঞ্জুলা দেৱী(৫২)য়ে ৷ তেখেতে মৃত্যুৰ সময়ত স্বামী ৰাতুল বৰুৱা, এজন পুত্ৰ, জী-জোঁৱাই, নাতিসহ বহু আত্মীয় স্বজন, বন্ধু-বান্ধৱ সহকৰ্মী আৰু অনুৰাগী ছাত্ৰ-ছাত্ৰীক ইহ সংসাৰত এৰি থৈ গৈছে ৷ তেখেতৰ মৃত্যুত শিৱসাগৰ নগৰত শোকৰ ছাঁ পৰিছে ৷ মঞ্জুলা দেৱীৰ বিয়োগত “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ শিৱসাগৰ জিলা সমিতি আৰু হাঁহচৰা শাখা সমিতি, সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতি আৰু সাংস্কৃতিক মুখ্য আহ্বায়ক তৃষ্ণা বুঢ়াগোহাঁই মেধী, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখায়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ বিয়লি দৃশ্যপট শিৱসাগৰৰ সভাপতি ড° মণি পাঠকে আঁত ধৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰৰ বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শিৱসাগৰৰ গণ্যমান্য ব্যক্তিয়ে তেখেতৰ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেখেতৰ অন্তিম যাত্ৰাত ভাগ লয় ক্ৰমে-হিন্দু ধৰ্ম্মসভা নামঘৰ পৰিচালনা সমিতি, নৱাৰুণৰ কৰ্মকৰ্তাসকল, হিন্দু ধৰ্ম্মসভা নামঘৰ মহিলা সমিতি, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সভাপতি অনঙ্গ মোহন শৰ্মা, দৃশ্যপট-শিৱসাগৰ, জিলা ব্ৰাহ্মণ সমাজ, জিলা ব্ৰাহ্মণ মহিলা সমাজ শিৱসাগৰ, শিৱসাগৰ জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ড০ প্ৰকাশ কটকী,  প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, সাধাৰণ জাতি বিকাশ পৰিষদ, পৌৰকৰ নাগৰিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, কোঁৱৰপুৰ ব্ৰাহ্মণ সমাজ, শিৱসাগৰ বিদ্যাপিঠ মধ্য ইংৰাজী বিদ্যালয় আদিয়ে ৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं