ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে আজি ৰহা সমষ্টি ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ ১৯৩গৰাকী আৰ্থিক ভাবে দুৰ্বল ৰোগাক্ৰান্ত লোকসকলৰ মাজত মুখ্যমন্ত্ৰী আৰোগ্য নিধি আঁচনিৰ অধীনত ২৭লাখ টকাৰ চেক বিতৰন কৰে।

     বিধায়ক শশীকান্ত দাস ৰ বাসগৃহত আজি দিনৰ ১১বজাত অনুষ্ঠিত চেক বিতৰন সভাত মুখ্যমন্ত্ৰী আৰোগ্য নিধি আঁচনিৰ অধিনত নিৰ্ধাৰিত ৪০লাখ টকাৰ ভিতৰত আজি ৬১নং ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক ভাবে দুৰ্বল ১৯৩গৰাকী ৰোগাক্ৰান্ত লোকসকলৰ মাজত চেক বিতৰন কৰে।কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সকলক ৫০হাজাৰ টকাৰ চেক সহ বিভিন্ন ৰোগাক্ৰান্ত লোক সকলক ৫ ৰ পৰা ৩০ হাজাৰ টকাৰ চেক বিতৰন কৰা হয়।

      বিধায়ক শশীকান্ত দাসে জানিব দিয়ে যে মুখ্যমন্ত্ৰী আৰোগ্য নিধি আঁচনিৰ অধিনত নিৰ্ধাৰিত ৪০ লাখ টকাৰ ভিতৰত আজি ২৭লাখ টকাক চেক বিতৰন কৰাৰ লগতে পৰবৰ্তী পৰ্যায়ত ১৩লাখ টকাৰ চেক বিতৰন কৰা হব।

    চেক বিতৰন সভাত নগাঁও জিলা বিজেপিৰ উপ সভাপতি সুবৰ্ন সিং,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকীয়া, চাপৰমুখ গৰুবাট মণ্ডল ৰ সভাপতি দীপক তামুলী, কমাৰগাঁও মণ্ডল ৰ সভাপতি ভাস্কৰ পাতৰ,বিজেপি যুব মৰ্চাৰ সভাপতি সীমান্ত দেউৰী সহ বিজেপি নেতা কৰ্মী আৰু শতাধিক পুৰুষ মহিলা উপস্থিত থাকে।