পুৱাই মহামানৱ মহাত্মা গান্ধী ৰ প্ৰতিচ্ছবি ত মাল্যৰপৰ্ণৰে অনুষ্ঠান আৰম্ভ হয়।মাল্যৰপৰ্ণ কৰে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ লগতে মুক্তিযুদ্ধা ৰ পৰিয়ালৰ লোকে।তাৰ লগে লগেই পতাকা উত্তোলন কৰে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। অনুষ্ঠানত মহকুমাধিপতি গৰাকীয়ে সাৰুৱা ভাষণ প্ৰদান কৰে।স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ আৰক্ষী বাহিনীৰ লগতে কলিয়াবৰ মহাবিদ্যালয় তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ। মুক্তি যোদ্ধা ৰ পৰিয়ালৰ লোকক আদৰণি জনোৱাৰ পিছতেই সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভ হয়।
কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কুঁৱৰীটোল গান্ধী পথাৰত ৭৬ তম স্বাধীনতা দিৱস উদযাপন: পতাকা উত্তোলন কৰে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_cf1be41cebdc690b6371309ea45b1a20.jpg)