শিৱসাগৰঃ National Clean Air Program ৰ অধীনত শিৱসাগৰত আজি ECO Park ৰ আধাৰশিলা স্থাপন কৰা হয় ৷ পৰিৱেশ বহন ক্ষমতাক প্ৰসাৰিত কৰাৰ লগতে শিৱসাগৰৰ বাবে সেউজ ভৱিষ্যত সৃষ্টিৰ এক অনবদ্য প্ৰচেষ্টাক লক্ষ্যৰূপে বাচনি তথা ইয়াক মূল পদক্ষেপ হিচাপে লৈ আজি শিৱসাগৰ পৌৰসভাৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত National Clean Air Program ৰ অধীনত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এখন ECO Park ৰ আধাৰশিলা স্থাপন কৰে ৷ শিৱসাগৰৰ ১০ নং ৱাৰ্ডৰ ফুকন নগৰ পানী যোগান বাৰ্জৰ ওচৰৰ দিখৌ মথাউৰিৰ ওচৰত অনুষ্ঠিত এই অনুষ্ঠানতে "এক পেড় মা কে নাম" অনুপ্ৰেৰণামূলক বিষয়বস্তুৰ অধীনত "অমৃত বৃক্ষ" আন্দোলনৰো আনুষ্ঠানিক উদ্বোধন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ, অতিৰিক্ত জিলা আয়ুক্ত মিনাক্ষী পাৰ্মেৰ লগতে জিলা বন বিষয়া, সহকাৰী আয়ুক্ত, শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালী কোঁৱৰ, উপ-সভাপতি সঞ্জীৱ বৰা, ৱাৰ্ড আয়ুক্তসকল আৰু পৌৰসভাৰ বিষয়ববীয়াসকল ৷