আজি দৰঙত আক্ৰান্ত ৩৩ জনমঙ্গলদৈ, ২৫ জুলাই : ৰাজ্যৰ সমান্তৰালকৈ দৰঙটো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। আজিৰ দিনটোত জিলাখনৰ ৩৩ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি।

পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ২৯৭ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। ১০৭ জন আক্ৰান্ত নিজ ঘৰতেই আচুতীয়াকৈ থকাৰ বিপৰীতে ১৮৮ জন ইতিমধ্যে সুস্থ হৈ উঠিছে। 

দৰঙবাসী ৰাইজক সকলো ধৰণৰ ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।