শিৱসাগৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষ্যে শিৱসাগৰ জিলাত "লোক কল্যাণ দিৱস" উদ্‌যাপন কৰা হয় ৷ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মৃত্যু তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত "লোক কল্যাণ দিৱস" জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত পালন কৰা হয় । লোক কল্যাণ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে  ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়ায় জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰাই । উল্লেখযোগ্য যে, আজিৰ লোক কল্যাণ দিৱসৰ কাৰ্যসূচীতে শিৱসাগৰ জিলাৰ এগৰাকী সক্ৰিয় কৰ্মচাৰীক তেওঁৰ উৎকৃষ্ট সেৱা, কৰ্তব্যনিষ্ঠা আৰু সততাৰ বাবে অসম চৰকাৰৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হয় । এই বৰ্ষত অসম চৰকাৰৰ লোকসেৱা পুৰস্কাৰ লাভ কৰা শিৱসাগৰ জিলাৰ কৰ্মচাৰীগৰাকী হৈছে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক অৱতাৰেন্দ্ৰ দাস ৷ সভাত শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁলোকে সেৱা পুৰস্কাৰ প্ৰাপক অৱতাৰেন্দ্ৰ দাসক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আন কৰ্মচাৰীসকলকো দুগুণ উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায় ৷ সভাত অংশ লৈ জিলা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই কয় যে, স্বীকৃতিয়ে মানুহক অনুপ্ৰেৰণা দিয়ে ৷ বিষয়া কৰ্মচাৰীসকলৰ ওপৰত ন্যস্ত কৰা দায়িত্ব, কৰ্মক সুন্দৰভাৱে পৰিচালনা কৰি নিজকে আগুৱাই নিয়াৰ লগতে দক্ষতা আৰু সামাজিক দায়বদ্ধতাৰে নিজকে প্ৰতিষ্ঠা কৰিব লাগে ৷ অধ্যক্ষগৰাকীয়ে লগতে লোকসেৱা পুৰস্কাৰ প্ৰাপক অৱতাৰেন্দ্ৰ দাসক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷ ইয়াৰ পিছতে পুৰস্কাৰ প্ৰাপক অৱতাৰেন্দ্ৰ দাসে প্ৰশাসনিক সেৱাত নিজকে কেনেকৈ নিয়োজিত কৰিছে এই বিষয়ে নিজৰ অভিজ্ঞতাৰ কথা সভাত উপস্থিত সকলৰ সন্মুখত বৰ্ণনা কৰে । আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত সকল, শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ প্ৰকাশ কটকী, বিশিষ্ট নাগৰিক প্ৰফুল্ল কলিতা, বিশিষ্টা সমাজসেৱিকা মণিকা শইকীয়া, বিশিষ্ট সমাজকৰ্মী শৰৎ হাজৰিকাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী-বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে ৷ অনুষ্ঠানটোৰ আঁত ধৰিছিল জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কনিষ্ঠ জিলা প্ৰশাসনিক সহায়ক ডম্বিধৰ টায়ে ৷