লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । সমগ্ৰ দেশৰ লগতে লিকাবালিৰ অসম অৰুণাচল সীমান্তত অৱস্থিত ২২ নং অসম আৰক্ষী ( ভাৰতীয় সংৰক্ষিত ) বেটেলিয়নৰ মুখ্য কাৰ্যালয়তো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বেটেলিয়নটোৰ অধিনায়ক মুছলেহউদ্দিন আহমেদে । ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে আৰক্ষী জোৱান সকলৰ মাৰ্চ পাছৰ অভিবাদন গ্ৰহণ কৰে । পতাকা উত্তোলন কৰি দিয়া ভাষণত অধিনায়কজনে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা তথা শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । লগতে দেশৰ শান্তি আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী জোৱান সকলৰ অৱদানৰ কথা স্মৰণ কৰি সকলোকে ৰাষ্ট্ৰীয় স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায় ।