শিৱসাগৰঃ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি উপলক্ষ্যে "দেশভক্তি দিৱস" উদ্‌যাপন কৰা হয় । অসম সংগীত পৰিৱেশনেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত দ্যতিভা বৰাকে প্ৰমুখ্যে কৰি সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কংকনা শইকীয়াই দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে । তদুপৰি জিলা প্ৰশাসনৰ  অন্যান্য বিষয়া আৰু কৰ্মচাৰীৰ লগতে বিশিষ্ট অতিথিসকলেও মাল্যাৰ্পণ কৰে। ইয়াৰ পিছতেই জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীসকলৰ দ্বাৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত দেশ প্ৰেমমূলক গীত "জননীৰ সন্তান" শীৰ্ষক সমৱেত সংগীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সংস্কৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিশিষ্ট বুৰঞ্জীবিদ অনুপ গগৈয়ে "তৰিলে দেশ, মৰিলে স্বৰ্গ বাণী"ৰে নিজৰ বক্তব্য আৰম্ভ কৰি কয় যে- "তৰুণ ৰাম ফুকন আছিল অসমৰ এজন সুযোগ্য সন্তান কিয়নো তেখেতে গভীৰ দেশপ্ৰেম কৰ্তব্যনিষ্ঠা , সততা আৰু দক্ষতাৰে উৰে জীৱন দেশ মাতৃক সেৱা আগবঢ়াইছিল । অসমৰ স্বাধীনতা আন্দোলনত ডেকাসকলক অংশগ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰাত তৰুণ ৰাম ফুকনৰ অৱদান অপৰিসীম । তেখেত আছিল বহুমুখী প্ৰতিভাৰ ব্যক্তি । তেখেতে অসমীয়া, ইংৰাজী আৰু উৰ্দুকে প্ৰমুখ্যে কৰি বিভিন্ন ভাষাত সাৱলীল বক্তব্য দিছিল। লগতে তেওঁ কয় যে, তেখেতৰ লেখনি সকলো শ্ৰেণী পাঠকৰ প্ৰিয় আছিল। এজন সাহিত্যিক হিচাপে তেখেতে বহুকেইটা প্ৰবন্ধ আৰু কবিতা লিখি অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰি থৈ গৈছে । উল্লেখ যে, প্ৰথম বাইচাইকেল ওলাওঁতে গুৱাহাটী চহৰত বাইচাইকেল চলোৱা প্ৰথম মানুহজনেই আছিল তৰুণৰাম ফুকন । তেখেতৰ মহাপ্ৰয়াণৰ এই দিনটোক অসম চৰকাৰে "দেশভক্তি দিৱস" হিচাপে পালন কৰিবলৈ লোৱা সিদ্ধান্ত এক উল্লেখনীয় পদক্ষেপ।" আনহাতে তেখেতে কয় যে, এই দিৱস পালনে মহান ব্যক্তিগৰাকীক ভৱিষ্যত প্ৰজন্মৰ মাজত অমৰ কৰি ৰাখিব। তদুপৰি জ্যেষ্ঠ সাংবাদিক তথা অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি মনোজ কুমাৰ বৰঠাকুৰে তত্বগধূৰ বক্তব্য দাঙি ধৰাৰ লগতে খেলোৱা হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ অংশুমান দুৱৰীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে নিজৰ সুন্দৰ অনুভৱ ব্যক্ত কৰে। ইয়াৰ পিছতে জিলাভিত্তিত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয় । তিনিটা শাখাত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ বিজয়ী প্ৰাৰ্থী ক্ৰমে দিগবিজয় দেৱনাথ, ধৃতি মহন্ত, আস্থাজিতা ফুকন, ৰাজনন্দিনী বৰা, পিনাক্ষী পল্লি দেৱী, প্ৰজ্ঞাশ্ৰী শইকীয়া, অনিন্দিতা বৰুৱা, বিউটি হাজৰিকা, এনিশা দত্তক একোখনকৈ মানপত্ৰ আৰু কিতাপ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত জিলা আয়ুক্ত দ্যতিভা বৰায়ে ৷ তেখেতে অনুষ্ঠানটি সাফল্যমন্দিত কৰি তোলাত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশনেৰে সামৰণি পৰা অনুষ্ঠানটিত শিৱসাগৰ জিলা প্ৰশাসনৰ কাৰ্য্যবাহী দণ্ডাধীশসকল, নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, জ্যেষ্ঠ নাগৰিকসকল, জিলাখনৰ একাংশ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মীসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী ও স্থানীয় ৰাইজ উপস্থিত থাকে।৷