চিলাপথাৰত bjp, পৌৰসভা, চেম্বাৰ অৱ কমাৰ্চ ৰ উদ্যাগত বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে 'মৌণ সমদল'

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ লগতে ১৪ আগষ্টত দেশ বিভাজন বিভিষিকাৰ স্মৃতি দিৱস হিচাপে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰতো ভাৰতীয় জনতা পাৰ্টীৰ চিলাপথাৰ নগৰ মণ্ডলৰ উদ্যোগত , চিলাপথাৰ পৌৰসভা আৰু চেম্বাচ অৱ কমাৰ্চৰ সহযোগত আজি হাতে হাতে তিৰংগা পতাকা লৈ এক বিশাল মৌন সমদল বাহিৰ কৰে । এই মৌন সমদলত দঞিঃ পলঃ কম্পেক্সৰ পৰা জোনাই ৰ'ডলৈকে প্ৰায় দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । সমদলত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু , জিলা সমিতিৰ সভাপতি প্ৰেম দত্ত , চিলাপথাৰৰ নগৰ পৌৰসভাৰ সভানেত্ৰী লাব্যণ্য পাইত দলে , বিজেপিৰ টাউন মণ্ডলৰ সভানেত্ৰী জেনিফাৰ ফুকন , বিমল বুঢ়াগোহাঁই , ৰাতুল গগৈ , চিলাপথাৰ মাৰোৱাৰী সমাজৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে।