নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপণ আৰু শষ্য সংৰক্ষণ সমিতিৰ অধ্যক্ষ অশোক শৰ্মাই আজাদী কা অমৃত মহোৎসৱ আৰু মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণ আচনিৰ লগত সংগতি ৰাখি নলবাৰীৰ পৰা নিজ কিশোৰ পুত্ৰ সহিতে চাইকেল যাত্ৰা আৰম্ভ কৰিছে৷প্ৰাক্তন বিধায়ক গৰাকীৰ উক্ত ব্যতিক্ৰম কাৰ্য্যসূচীত একাংশ দলীয় কৰ্মীও সহযোগ কৰিছে৷ইতিমধ্যে তেওঁ বিভিন্ন ঠাই অতিক্ৰম কৰি শোনিতপুৰত উপস্থিত হয়৷অহাবাটত প্ৰাক্তন বিধায়ক গৰাকীক ৰাইজে বিপূল আদৰণি জনাইছে৷
আজি শোনিতপুৰত উপস্থিত হৈছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপন আৰু শষ্য সংৰক্ষণ সমিতিৰ অধ্যক্ষ অশোক শৰ্মা
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_e1edcdf258cd70ca410b2fe5bdd93529.jpg)