শিৱসাগৰঃ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত শিৱসাগৰ আৰবান মডেল হাস্পতালত ২৩ জুলাই, মংগলবাৰে ডায়েৰিয়া নিৰ্মূল অভিযান-২০২৪ৰ শুভাৰম্ভণি কৰা হয় ৷ স্বাস্থ্য বিভাগৰ জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে আঁত ধৰা এক অনুষ্ঠানত ডায়েৰিয়া অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ অতিৰিক্ত দায়িত্বত থকা সহকাৰী আয়ুক্ত কংকনা শইকীয়াই ৷ উল্লেখ যে, স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈয়ে অনুভৱ ব্যক্ত কৰা শুভাৰম্ভণি অনুষ্ঠানত বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শিৱসাগৰ জিলাৰ আঁচনি প্ৰৱন্ধক ধ্ৰৱজ্যোতি শইকীয়াই অ’আৰ এছ (ORS)পানী পৰিস্কাৰকৈ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাকৈ কেনেদৰে তৈয়াৰ কৰা হয়, সেই সন্দৰ্ভত পুংখানুপুংখভাৱে পুনৰবাৰ আশাকৰ্মীসকলক অৱগত কৰে ৷ উক্ত অনুষ্ঠানত জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকা, ৰাষ্ট্ৰীয় কুুষ্ঠ নিবাৰণ আঁচনিৰ ডাঃ মেঘালী বৰঠাকুৰ, সংহত ৰোগ নিৰীক্ষণ কাৰ্য্যক্রমৰ জিলা ৰোগ নিৰীক্ষক বিষয়া ডাঃ গায়ত্ৰী সেনাপতি, School Healthৰ নডেল বিষয়া চালমা চুলতানা, DPHN কল্পনা ভৰালী, খাদ্য সুৰক্ষা বিষয়া ময়ুৰাক্ষী গগৈ, ডিমৌ আদৰ্শ চিকিৎসালয় আৰু লিগিৰীপুখুৰী SDCHৰ কাউঞ্চিলাৰ, DPMUৰ সদস্যসকল উপস্থিত থকাৰ লগতে উদ্ আয়ুষ্মান আৰোগ্য মন্দিৰ অধীনৰ LHS অঞ্জলী ফুকন, এ এন এম জি এন এম আৰু উদ্‌নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ অধীনৰ সকলো আশাকৰ্মী উপস্থিত থাকে ।৷