কলাইগাঁৱত বিভাজন বিভীষিকা স্মৃতি দিৱস
: ভাৰত-পাকিস্তান বিভাজনত প্ৰাণ বিসৰ্জন দিয়া আৰু গৃহহীন হোৱা ভাৰতীয়ক সোঁৱৰণ কৰি আজি সন্ধিয়া কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বালিপোতাত মৌন সমদল উলিওৱা হয়। উল্লেখযোগ্য যে ১৯৪৭ চনৰ ১৪ আগষ্ট অৰ্থাৎ আজিৰ দিনটোত ভাৰত- পাকিস্তান বিভাজনৰ ফলশ্ৰুতিত লক্ষ লক্ষ ভাৰতীয় নাগৰিকে অমূল্য জীৱন হেৰুৱাবলগীয়া হৈছিল। এই উপলক্ষে সমাজকৰ্মী সাধিৰাম ডেকাই উদ্বোধন কৰা সমদলত বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, স্মৃতি দিৱসৰ ওদালগুৰি জিলাৰ আহবায়ক বিকন ডেকা, সহকাৰী আহবায়ক কুলেন ডেকা, বিজেপিৰ মুদৈবড়ী মণ্ডল সমিতিৰ সভাপতি ৰমেশ হাজৰিকা, কলাইগাঁও মণ্ডল সমিতিৰ সভাপতি দুৰ্গেশ্বৰ নাথ আৰু কলাইগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য গোপাল ডেকাকে ধৰি কেইবাজনো বিজেপি নেতা আৰু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। বৃহত্তৰ অঞ্চলটোৰ মহিলা সকলে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ কৰা মৌন সমদলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।