মাজুলী জিলাৰ অতি গুৰুত্বপূৰ্ণ নামনি বৰবিল - পানীখাতী সংযোগী পথত থকা চিগা অংশত বিগত পোন্ধৰ বছৰে নিৰ্মাণ নহ'ল এখন স্থায়ী দলং । উল্লেখ্য যে ২০০৭ চনৰ প্ৰলয়ংকৰী বানে উক্ত পথটোৰ ৩০ মিটাৰ মান উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । ২০২০ চনত উক্ত পথটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হয় যদিও ৰহস্যজনক কাৰণত আজিকোপতি চিগা অংশ উন্মুক্ত হৈ থাকিল । উক্ত পথটোৰে অঞ্চলৰ জনসাধাৰণে বছৰৰ প্ৰায় চাৰি মাহ বাঁহৰ দলঙেৰে যাতায়ত কৰিব লগা হয় । অন্যহাতে বাঁহৰ দলং নিৰ্মান কৰাৰ নামত প্ৰতিবছৰে ৰাজকোষৰ লক্ষ্যাধিক টকা ব্যয় কৰি অহা হৈছে । ইফালে ঐতিহাসিক পানীখাতী শিলগুৰি থানখন পৰিদৰ্শন কৰাৰ বাবে দৈনিক দূৰ দূৰণিৰ পৰা বহু লোক এই পথেৰেই অহা যোৱা কৰে । তাৰোপৰি অঞ্চলটোৰ অন্যান্য লোক সকলৰ উপৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰীও অহা যোৱা কৰা নিৰ্ভৰযোগ্য পথ । সেই ফালৰ পৰাও পথটোৰ গুৰুত্ব আছে । সি যি কি নহওক নামনি বৰবিল- পানীখাতী সংযোগী পথৰ চিগা অংশত শীঘ্ৰে এখন স্বায়ী দলং নিৰ্মাণৰ যাৱতীয় ব্যবস্থা গ্ৰহণ কৰি ব্যাহত হৈ থকা যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে মাজুলী সমষ্টিৰ বিধায়কক অঞ্চলটোৰ জনসাধাৰণে আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
समर कैम्प के माध्यम से बच्चों को जागरूक किया जाएगा प्रधानाध्यापक- कैलाश नाथ
समर कैम्प के माध्यम से बच्चों को जागरूक किया जाएगा- प्रधानाध्यापक कैलाश नाथ
उत्तर प्रदेश के जनपद...
Bihar Politics: Tejashwi Yadav ने बुलाई विधायकों की बैठक, लेंगे बड़ा फैसला | Nitish Kumar | JDU |RJD
Bihar Politics: Tejashwi Yadav ने बुलाई विधायकों की बैठक, लेंगे बड़ा फैसला | Nitish Kumar | JDU |RJD
UPSC के एनफोर्समेंट अधिकारी के परीक्षा में 162 वां स्थान हाशिल किया मोरान की दिवांगना मोहन ने
UPSC के एनफोर्समेंट अधिकारी के परीक्षा में 162 वां स्थान हाशिल किया मोरान की दिवांगना मोहन ने
Tech News :- 6000 mAh की बड़ी बैटरी के साथ लॉन्च हुआ Samsung Galaxy F54 5G, प्री-बुकिंग आज से शुरू
Samsung Galaxy F54 5G Launched In India सैमसंग ने अपने यूजर्स के लिए एक नए 5G स्मार्टफोन को पेश...
આસેડા ગામે ફ્લેગ માર્ચ યોજાઈ
આસેડા ગામે ફ્લેગ માર્ચ યોજાઈ