মাজুলী জিলাৰ অতি গুৰুত্বপূৰ্ণ নামনি বৰবিল - পানীখাতী সংযোগী পথত থকা চিগা অংশত বিগত পোন্ধৰ বছৰে নিৰ্মাণ নহ'ল এখন স্থায়ী দলং । উল্লেখ্য যে ২০০৭ চনৰ প্ৰলয়ংকৰী বানে উক্ত পথটোৰ ৩০ মিটাৰ মান উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । ২০২০ চনত উক্ত পথটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হয় যদিও ৰহস্যজনক কাৰণত আজিকোপতি চিগা অংশ উন্মুক্ত হৈ থাকিল । উক্ত পথটোৰে অঞ্চলৰ জনসাধাৰণে বছৰৰ প্ৰায় চাৰি মাহ বাঁহৰ দলঙেৰে যাতায়ত কৰিব লগা হয় । অন্যহাতে বাঁহৰ দলং নিৰ্মান কৰাৰ নামত প্ৰতিবছৰে ৰাজকোষৰ লক্ষ্যাধিক টকা ব্যয় কৰি অহা হৈছে । ইফালে ঐতিহাসিক পানীখাতী শিলগুৰি থানখন পৰিদৰ্শন কৰাৰ বাবে দৈনিক দূৰ দূৰণিৰ পৰা বহু লোক এই পথেৰেই অহা যোৱা কৰে । তাৰোপৰি অঞ্চলটোৰ অন্যান্য লোক সকলৰ উপৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰীও অহা যোৱা কৰা নিৰ্ভৰযোগ্য পথ । সেই ফালৰ পৰাও পথটোৰ গুৰুত্ব আছে । সি যি কি নহওক নামনি বৰবিল- পানীখাতী সংযোগী পথৰ চিগা অংশত শীঘ্ৰে এখন স্বায়ী দলং নিৰ্মাণৰ যাৱতীয় ব্যবস্থা গ্ৰহণ কৰি ব্যাহত হৈ থকা যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে মাজুলী সমষ্টিৰ বিধায়কক অঞ্চলটোৰ জনসাধাৰণে আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
World Kidney Cancer Day 2024: दबे पांव दस्तक देता है Kidney Cancer, इन कारणों से बना सकता है आपको अपना शिकार
हर साल जून के तीसरे गुरुवार को किडनी कैंसर के बारे में लोगों को जागरूक बनाने के लिए World Kidney...
প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ ছিপাঝাৰ ক্ৰীড়া সন্থাক ক্ৰীড়া সামগ্ৰী প্ৰদান
ছিপাঝাৰত গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ছিপাঝাৰ ক্ৰীড়া সন্থাক অসম চৰকাৰৰ ক্ৰীড়া...
કંકાવટી ગામે જુગાર રમતા 7 પકડાયા
ધ્રાંગધ્રાનાં કંકાવટી ગામે નવાપરામાં ખુલ્લા પટમાં જુગાર રમતા 7 જુગારીઓને 26.820 ના મુદામાલ સાથે...
જન્માષ્ટમીના લોકમેળા માટે નગરપાલિકા દ્વારા ફરી 3 ઓગસ્ટના રોજ હરાજી થશે
જન્માષ્ટમીના લોકમેળા માટે નગરપાલિકા દ્વારા ફરી 3 ઓગસ્ટના રોજ હરાજી થશે
PM Modi Visit Brunei: ब्रुनेई के सुल्तान से मुलाकात के बाद क्या बोले PM Narendra Modi? | Aaj Tak
PM Modi Visit Brunei: ब्रुनेई के सुल्तान से मुलाकात के बाद क्या बोले PM Narendra Modi? | Aaj Tak