সোণাৰি ভজো দিচাং নদীত দুজন কিশোৰ গা ধুবলৈ এজন নিখোজ ।

চৰাইদেউ জিলাৰ সোণাৰিৰ ভজোত দিচাং নদীত আজি প্ৰায় ১২ মান বজাত দুজন দশম শ্ৰেণীৰ ছাত্র গা ধুবলৈ গৈ এজন কিশোৰ পানীত দুব যায় আৰু আন জন যেনে তেনে সাতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। ভজোৰ বাসিন্দা বিশ্বজিৎ দেৰ এক মাত্ৰ পুত্ৰ সোণাৰি হাজি অচিমুদ্দী বিদ‍্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বিবেক দে দিচাং নদীত ডুব যায় । আৰু আন জন হৈছে সোণাৰি পল ইষ্টাৰ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ সঞ্জীৱ দত্ত । দুই দশম শ্ৰেণীৰ ছাত্ৰ বিবেক দে আৰু সঞ্জীৱ দত্তই দিচাং নদীৰ পাৰত বোকা খেল খেলি আছিল পিছত গা ধুবলৈ যাওঁতে নদীৰ পানীত ডুব যায় ছাত্ৰ বিবেক দে । কথমপি সাতুৰি প্ৰাণৰক্ষা সঞ্জীৱৰ। বৰ্তমান এছ ডি  আৰ এফৰ অভিযান অব্যাহত।