ধেমাজি, ১৪ আগষ্ট: দেশৰ অন্য প্ৰান্তৰ লগতে আজি ধেমাজি জিলাতো বিভাজন বিভীষিকা স্মৃতি দিৱস জিলা প্ৰশাসনৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত আবেলি এই উপলক্ষে এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। ইয়াৰ পিছতে দেশৰ বিভাজনৰ সময়ৰ দু:সহ স্মৃতি প্ৰতিফলিত কৰি এখন ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই এই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। এই প্ৰদৰ্শনীত দেশ বিভাজনৰ কৰুণ দৃশ্য সম্বলিত আলোকচিত্ৰ আৰু সেই সময়ৰ বাতৰি কাকতৰ শতাধিক ছৱি প্ৰদৰ্শিত হৈছে। এই প্ৰদৰ্শনী সকলো শ্ৰেণীৰ ৰাইজৰ বাবে কাইলৈকো মুকলি থাকিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। ইয়াৰ পিছতে আবেলি ৫.৩০ বজাৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰি দিয়া ভাষণত উপায়ুক্ত ভট্টাচাৰ্যই কয় যে, ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ স্বাধীন হোৱাৰ আগদিনাই এই বিভাজনক কেন্দ্ৰ কৰি যি ভয়াবহ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ৰক্তপাত সংঘটিত হৈছিল তাৰ ফলত প্ৰায় দুই লক্ষ নিৰিহ নাগৰিকে প্ৰাণ হেৰুৱাৱ লগীয়া হৈছিল। প্ৰায় ২০ লাখ লোক বিতাৰিত হ'ব লগীয়া হৈছিল। সেই সকলৰ পৱিত্ৰ স্মৃতিত এই দিনটো পালন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ ফলস্বৰূপে ধেমাজি জিলাতো যথাৰীতি কাৰ্যসূচী হাতত লোৱা হৈছে। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু দেশ বিভাজনৰ বিস্তৃত ইতিহাস দাঙি ধৰে। সভাত জিলা অতিৰিক্ত উপায়ুক্ত উৎপল দলে, তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধিন বৰুৱা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক গোবিন মেদকেও চমু বক্তব্য দাঙি ধৰে। সভাৰ অন্তত সকলোৱে মম জ্বলাই কাছাৰী খেলপথাৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ ওচৰলৈ শোভাযাত্ৰা কৰি যায়। সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয়, আবৰ্ত ভৱন আদিত নিহিত লোক সকলৰ স্মৃতিত বন্তি প্ৰজ্বলনো কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা ৰাইজকো বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাই আজি পুৱাৰে পৰা ব্যাপক প্ৰচাৰ চলোৱা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાહોદ લીમખેડા એડિશનલ ડિસ્ટ્રિક્ટ કોર્ટના જજ શ્રી વી કે પરમાર સાહેબ અને સરકારી વકીલ શ્રી શંકરભાઈ સોહન દ્વારા પોસ્કો અને અપરણ અને બળાત્કારના આરોપીને 50 વર્ષની સજા એડિશનલ ડિસ્ટ્રિક્ટ એન્ડ સેશન કોર્ટ લીમખેડામાં
પ્રાપ્ત માહિતી પ્રમાણે આરોપી વિક્રમ બાબુ નાયકને લીમખેડા કોર્ટ દ્વારા 363 ના ગુનામાં ત્રણ વર્ષની...
समाजवादी पार्टीं के पूर्व सांसद भारतीय जनता पार्टीं में शामिल।
जनपद लखनऊ उत्तर प्रदेश में, समाजवादी पार्टीं के पूर्व सासंद भारतीय जनता पार्टीं में शामिल।सूत्रों...
मथुरापुर स्वयंसेवी संगठन समाज कल्याण ने अपना वर्षगांठ समारोह बड़े धूमधाम से मनाया
मथुरापुर स्वयंसेवी संगठन समाज कल्याण ने अपना वर्षगांठ समारोह बड़े धूमधाम से मनाया
દાહોદના રેલ્વે સ્ટેશનથી મળી આવેલ બાળકને તેના પરીવારને સોંપવામા આવ્યો 2022 | Spark Today News
દાહોદના રેલ્વે સ્ટેશનથી મળી આવેલ બાળકને તેના પરીવારને સોંપવામા આવ્યો 2022 | Spark Today News