ছিপাঝাৰৰ বিষ্ণুপুৰত চুৰিকাঘাট কৰি হত্যাৰ অপচেষ্টা। দূৰ্বৃত্ত আটক।

নিশাৰ আন্ধাৰত দূৰ্বৃত্তই আক্ৰমণ কৰি পেলায় থৈ যায় ৰাস্তাত।

তৰুণ ৰাজবংশী নামৰ এজন লোকে আক্ৰমণ কৰিছিল সত্য ৰাজবংশীক।

আক্ৰমণৰ কাৰণ ব্যক্তিগত শত্ৰুতা।

দেওবাৰে নিশা ছিপাঝাৰৰ আন্ধেৰীঘাট হালধা পথৰ জয়ন্তী পুৰত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ।

ঘটনাত গুৰুতৰ ভাৱে আহত হয় সত্য ৰাজবংশী(45)নামৰ লোকজন। 

সন্ধিয়া ঘৰলৈ উভতি অহাৰ সময়তে তৰুণ ৰাজবংশী নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে হানি খুচি মুৰ্মূষূ অৱস্থাত পেলাই থৈ যায়।।

গুৰুতৰ ভাৱে আহত সত্য ৰাজবংশী নামৰ লোকজনক স্হানীয় ৰাইজৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাৱে গুৱাহাটী মেডিকেললৈ প্ৰেৰণ কৰে ।

 ইপিনে ঘটনা সংঘটিত কৰি পলায়ন কৰা তৰুণ ৰাজবংশীক কৰায়ত্ব কৰে বুঢ়া আৰক্ষীয়ে ।